Nari Poem by Shekhar Bhattacharyya

Nari

Rating: 5.0

: : নাৰী: :
মানুহে কিয় কয় -
নাৰীৰ নজিস্ব বুলি একো নাই,
মইতো দেখিছো জগতখনে
চলিছে নাৰীৰ পিছে পিছে ।
দেউতাৰ ঘৰত লক্ষ্মী নাৰী
গিৰীয়েকৰ ঘৰত অন্নপূৰ্ণা
লৰাৰ ঘৰত জননী নাৰী
নাৰীৰ অবিহনে অসম্পূৰ্ণ
এই সংসাৰ ।
নাৰীয়ে পাৰে সকলোকে
নিজৰ বুলি মানি লবলৈ
দেউতাৰ ঘৰ এৰি আহি
আনক আপন কৰিব পাৰে
গঢ়িব পাৰে এখন নতুন সংসাৰ ।
এটা গোত্ৰৰ পৰা আনএটা গোত্ৰ
এটা উপাধিৰ পৰা অান এটা উপাধি
অকল নাৰীয়ে পাৰে সলনি হবলৈ,
তথাপি জননী ৰূপত
সকলো দুখ-কষ্ট সহিব লাগে ।
ভাৰতমাতাও নাৰী
নাৰী দূৰ্গা কালী
নাৰী হল এই জগতৰ
সকলোৰে জন্মদাত্ৰী ।
পুৰুষতান্ত্ৰিক সমাজত তাই
পুৰুষক কৰে ডাঙৰ,
মনত ৰাখিবা সেই পুৰুষক
নাৰীয়ে গৰ্ভত কৰে ধাৰন,
নাৰীৰ অবিহনে
এই সংসাৰখন অচল ।

শেখৰ ভট্ৰাচাৰ্য ।

Saturday, March 4, 2017
Topic(s) of this poem: love and friendship
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success