Raidak Poem by Shekhar Bhattacharyya

Raidak

ৰায়ডাকৰ পাগল সোঁতত
পাগল মই সৌন্দৰ্য্যত
চাই চাই পাগল ৷
পাগল তোৰ বুকুৰ ঢৌত
গঢ়ো  সপোনৰ বালিঘৰ ৷
দুচকুৰ চুনামিত চিৰাচিৰ
ক'ত জীৱন
ক'ত যৌৱন
ক'ত যে সময় পাৰ হল ।
তোৰ কপাহী কোমল আঙুলিৰ স্পৰ্শত বিৰিণাৰ নাচোন ৷
ৰায়ডাকৰ পাগল মই
তোৰ কুলু কুলু কোমল মাতত
পাগল উন্মাদ যৌৱন তোৰ প্ৰেমত ৷
তোৰ ঘাটত
আবেলি পৰত
কত যৌৱনে চিঞৰে আৱেগত
তোক লৈ সময় সপোন ৰচে সকলোৱে ।

শেখৰ ভট্ৰাচাৰ্য ।

Tuesday, February 21, 2017
Topic(s) of this poem: love and friendship
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success