Halakura Poem by Shekhar Bhattacharyya

Halakura

Rating: 5.0

তোমাৰ সোণাৰু হালধীয়া হাঁহিত
জোনাকে গা ধুই
আঘোণৰ বতৰা দিছে
কুঁৱলীৰ শুভ্ৰ আচল মেলি
আঘোণ নামিছে
হালিজালি নাচিছে সোণালী ধাননি পথাৰ
হয়, হালাকুৰা গাঁৱত আঘোণ নামিছে
তোমাৰ চকুত ৰাশি ৰাশি আঘোণৰ কবিতা
কবিতা নহয় যেন বুকুৰ এফাল
তোমাৰ নীলাভ কবিতাৰ অৰ্থ বিচাৰি
ইচ্ ৰাম! কোনোবাই দেখিব
ওহোঁ! নহয় নহয়
কুঁৱলী পৰিছে
অস্পষ্ট
সকলো অস্পষ্ট
হালাকুৰা গাঁৱত আঘোণ নামিছে
মোৰ সোণজনীৰ চিৎপখিলি পৰশত
জীপাল হৈ উঠিছে লখিমী পথাৰ ।

Wednesday, February 15, 2017
Topic(s) of this poem: love,love and friendship
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success