মাথো মনৰ অনুভৱ
বাৰিষাৰ
কিনকীয়া বৰষুণ জাকত
তোমাৰ মুখেৰে
নিগৰি আহিছিল
সেই অপ্ৰত্যাশিত শব্দ কেইটা
যি কেইটা শব্দ কবলৈ
তুমি বৰষুণৰ লগত
খেলা কৰিছিলা
সেইদিনা অহা
বৰষুণ জাকৰ
প্ৰতিটো টোপালেই
কৈ গৈছিল
তোমাৰ কথা
আৰু প্ৰতি টোপাল
বৰষুণ যেতিয়া
আকাশৰ পৰা নামি
ধৰাৰ বুকুত পৰে
তেতিয়া হোৱা
টুপ্ টুপ্ শব্দৰ
প্ৰতিটোতে
যেন কেৱল
তোমাৰ প্ৰতিচ্ছবিয়েই
উদ্ভাসিত হৈ আহিছিল
য'ত নাছিল কোনো
প্ৰতাৰণাৰ চিন
সকলোতেই কেৱল
বিশুদ্ধ মনৰ মিলন
সেইদিনা বাৰিষাৰ
কলিয়া ডাৱৰখনো
নিমিষতে পৰিস্কাৰ হৈ
এখন স্বচ্ছ হৃদয়ৰ
পৰিচয় দিছিল
ঠিক
এপাহ
সিক্ত
বগা গোলাপৰ
দৰেই
চিৰপবিত্ৰ, চিৰসুন্দৰ॥