কবিতা কেতিয়াও অসফল নহয়
কিছুমান কবিতা আছে কেৱল কবিয়েহে পঢ়ে
কিছুমান কবিতা আছে কেৱল অকবিয়েহে পঢ়ে
কিছুমান কবিতা আছে সকলোৱে পঢ়ে
আৰু কিছুমান কবিতা আছে কোনেও নপঢ়ে...
কিন্তু কোনো কবিতাই অসফল নহয়
জন্মৰ মুহূৰ্ততে ই সফলতাৰ দেওনা পাৰ হয়
আৰু উচ্চাৰিত হয়
উঁঠ আৰু কাগজত, শব্দৰ ৰূপেৰে...
হয়তো ই কথমপি বুজিব পৰা ক্ষীণ শব্দ
হয়তো ই অগঢ়ি আৰু আচহুৱা
হয়তো ই সহয কথাত কুৎসিত
হলেও ই এটা কবিতা, লাগিলে যেনেকুৱাই নহওক..
ই সেই মুহুৰ্ততে সফল হয় যি মুহূৰ্ততে
ই মন আৰু আত্মা
হৃদয় আৰু মস্তিষ্ক
স্নায়ু আৰু ধমনীৰ
জটিল তন্ত্রৰ পৰা
নিজকে মুক্ত কৰে...
অসফল হয় কেৱল গৰ্ভপাত হোৱা কবিতাৰ ভ্রুণ;
জন্ম লাভ কৰা কবিতা নহয়
কবিতা কেতিয়াও অসফল নহয়...
This poem has not been translated into any other language yet.
I would like to translate this poem