মই এপাহ ফুল Poem by Dhiren Doley

মই এপাহ ফুল

মই এপাহ ফুল
জোঙাল কাঁইটৰ মাজত ফুলা
সুগন্ধি সুবাস লবা
নন্দন তৃপ্তি পূৰাবা
কাষলৈ নাহিবা
কাঁইটে ভেদিব পাৰে তোমাৰ দুহাত।
মোৰ সৌন্দৰ্যক প্ৰশংসা কৰিবা
মোৰ দৰে হব নোখোজিবা
কাঁইটৰ জোঙাল মুখত যন্ত্ৰণাৰ বাদে একো নোপোৱা।

Saturday, April 23, 2016
Topic(s) of this poem: love
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Dhiren Doley

Dhiren Doley

Assam, India
Close
Error Success